ছূৰা 2 · জুজ 1

Al-Baqarah · 2:135

وَقَالُوا كُونُوا هُودًا أَوْ نَصَارَىٰ تَهْتَدُوا ۗ قُلْ بَلْ مِلَّةَ إِبْرَاهِيمَ حَنِيفًا ۖ وَمَا كَانَ مِنَ الْمُشْرِكِينَ

আৰু সিহঁতে কয়, ‘তোমালোকে ইয়াহূদী বা নাছাৰা হৈ যোৱা, সঠিক পথ পাবা’। কোৱা, ‘বৰং আমি একনিষ্ঠ হৈ ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰিম; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভূক্ত নাছিল’।

তাফছীৰ

ইয়াহুদীসকলে মুছলিমসকলক কয়ঃ ইয়াহুদী হৈ যোৱা হিদায়তৰ পথ পাবা। আনহাতে খৃষ্টানসকলে কয়ঃ খৃষ্টান হৈ যোৱা, হিদায়ত প্ৰাপ্ত হবা। হে নবী! আপুনি সিহঁতক কৈ দিয়কঃ বৰং আমি কেৱল ইব্ৰাহীমৰ দ্বীনৰ অনুসৰণ কৰিম। যিয়ে সকলো অসত্য ধৰ্মৰ পৰা বিমুখ হৈ সত্য ধৰ্মক আঁকোৱালি লৈছিল আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক