ছূৰা 2 · জুজ 1
Al-Baqarah · 2:13
وَإِذَا قِيلَ لَهُمْ آمِنُوا كَمَا آمَنَ النَّاسُ قَالُوا أَنُؤْمِنُ كَمَا آمَنَ السُّفَهَاءُ ۗ أَلَا إِنَّهُمْ هُمُ السُّفَهَاءُ وَلَٰكِنْ لَا يَعْلَمُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে ঈমান আনা যেনেকৈ লোকসকলে ঈমান আনিছে', সিহঁতে কয়, 'আমিও তেনেকৈ ঈমান আনিম নেকি যেনেকৈ নিৰ্বোধ লোকসকলে ঈমান আনিছে'? সাৱধান! নিশ্চয় সিহঁতেই নিৰ্বোধ, কিন্তু সিহঁতে নাজানে।
তাফছীৰ
যেতিয়া সিহঁতক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলৰ দৰে ঈমান আনিবলৈ আদেশ দিয়া হয়, তেতিয়া সিহঁতে অস্বীকাৰ কৰি উপলুঙাৰ সুৰত কয়, “আমিও জ্ঞানহীন নিৰ্বোধ লোকসকলৰ দৰে ঈমান আনিম নেকি”? প্ৰকৃততে সিহঁতেই নিৰ্বোধ জ্ঞানহীন কিন্তু সিহঁতে নাজানে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক