ছূৰা 2 · জুজ 1
Al-Baqarah · 2:14
وَإِذَا لَقُوا الَّذِينَ آمَنُوا قَالُوا آمَنَّا وَإِذَا خَلَوْا إِلَىٰ شَيَاطِينِهِمْ قَالُوا إِنَّا مَعَكُمْ إِنَّمَا نَحْنُ مُسْتَهْزِئُونَ
আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাত কৰে, তেতিয়া সিহঁতে কয়, ‘আমি ঈমান আনিছো’, আৰু যেতিয়া সিহঁতে অকলশৰীয়াকৈ সিহঁতৰ চয়তানসকলৰ লগত একত্ৰিত হয়, তেতিয়া কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছো’। আমিতো কেৱল উপহাসকাৰী'।
তাফছীৰ
যেতিয়া মুমিনসকলৰ লগত সাক্ষাৎ কৰে তেতিয়া তেওঁলোকৰ ভয়ত কয়ঃ “আমিও সেইটো বিশ্বাস কৰো যিটো আপোনালোকে বিশ্বাস কৰে”। আৰু যেতিয়া মুমিনসকলৰ পৰা উভতি গৈ সিহঁতৰ নেতাসকলৰ লগত অকলশৰীয়া ভাৱে সাক্ষাৎ কৰে তেতিয়া সিহঁতৰ অনুসৰণকাৰী বুলি বিশ্বাস প্ৰদান কৰি কয়, “আমি আপোনালোকৰ লগত আৰু আপোনালোকৰ পথতে আছো। আমি প্ৰকাশ্যভাৱে মুমিনসকলৰ লগ দিওঁ কেৱল সিহঁতক ঠাট্টা-বিদ্ৰূপ আৰু উপলুঙা কৰিবলৈহে”।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক