ছূৰা 2 · জুজ 1

Al-Baqarah · 2:129

رَبَّنَا وَابْعَثْ فِيهِمْ رَسُولًا مِنْهُمْ يَتْلُو عَلَيْهِمْ آيَاتِكَ وَيُعَلِّمُهُمُ الْكِتَابَ وَالْحِكْمَةَ وَيُزَكِّيهِمْ ۚ إِنَّكَ أَنْتَ الْعَزِيزُ الْحَكِيمُ

‘হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল প্ৰেৰণ কৰা, যিয়ে তোমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰিব; আৰু সিহঁতক কিতাব আৰু হিকমতৰ শিক্ষা দিব আৰু সিহঁতক পৰিশুদ্ধ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

তাফছীৰ

হে আমাৰ প্ৰতিপালক! ইছমাঈলৰ বংশধৰ সকলৰ পৰা তেওঁলোকৰ মাজতেই এজন ৰাছুল প্ৰেৰণ কৰিবা। যিয়ে তোমাৰ অৱতীৰ্ণ কৰা আয়াতসমূহ তিলাৱত কৰি শুনাব আৰু তেওঁলোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা প্ৰদান কৰিব। লগতে শিৰ্ক আৰু কুঃসংস্কাৰৰ পৰা পৱিত্ৰ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰভূত্বশীল। নিজ কৰ্ম আৰু বিধানত প্ৰজ্ঞাৱান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক