ছূৰা 2 · জুজ 1
Al-Baqarah · 2:130
وَمَنْ يَرْغَبُ عَنْ مِلَّةِ إِبْرَاهِيمَ إِلَّا مَنْ سَفِهَ نَفْسَهُ ۚ وَلَقَدِ اصْطَفَيْنَاهُ فِي الدُّنْيَا ۖ وَإِنَّهُ فِي الْآخِرَةِ لَمِنَ الصَّالِحِينَ
আৰু যিয়ে নিজকে নিৰ্বোধ বনাইছে তাৰ বাহিৰে ইব্ৰাহীমৰ মিল্লাতৰ পৰা আন কোনে বিমুখ হ’ব পাৰে? আৰু নিশ্চয় আমি পৃথিৱীত তেওঁক মনোনীত কৰিছো আৰু আখিৰাততো তেওঁ সত্কৰ্মশীলসকলৰ অন্যতম।
তাফছীৰ
ইব্ৰাহীম আলাইহিছ ছালামৰ দ্বীনৰ পৰা বিমুখ হৈ আন কোনো ধৰ্মৰ পিনে কেৱল সেই ব্যক্তিয়েই আকৰ্ষিত হব পাৰে যিয়ে নিৰ্বোধতা আৰু মুৰ্খতাত পৰি সত্য পৰিত্যাগ কৰি পথভ্ৰষ্টতাক আঁকোৱালি লৈ নিজৰ ওপৰত অন্যায় কৰিছে আৰু নিজৰ বাবে অপমান স্বীকাৰ কৰিছে। নিশ্চয় আমি তেওঁক পৃথিৱীত ৰাছুল আৰু বন্ধু বনাইছিলো তথা আখিৰাতত তেওঁ সেই সকল পূণ্যৱান ব্যক্তিৰ অন্তৰ্ভুক্ত হব যিসকলে আল্লাহৰ আদেশ পালন কৰি উচ্চ স্থান প্ৰাপ্ত কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক