ছূৰা 2 · জুজ 1

Al-Baqarah · 2:128

رَبَّنَا وَاجْعَلْنَا مُسْلِمَيْنِ لَكَ وَمِنْ ذُرِّيَّتِنَا أُمَّةً مُسْلِمَةً لَكَ وَأَرِنَا مَنَاسِكَنَا وَتُبْ عَلَيْنَا ۖ إِنَّكَ أَنْتَ التَّوَّابُ الرَّحِيمُ

‘হে আমাৰ প্ৰতিপালক! আমাক উভয়কে তোমাৰ একান্ত অনুগত কৰা আৰু আমাৰ বংশধৰৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা; আৰু আমাক ইবাদতৰ নিয়ম-পদ্ধতি দেখুৱাই দিয়া আৰু আমাৰ তাওবা কবুল কৰা। নিশ্চয় তুমি বেছি তাওবা গ্ৰহণকাৰী, পৰম দয়ালু’।

তাফছীৰ

হে আল্লাহ! তুমি আমাক তোমাৰ আদেশ পালনকাৰী আৰু তোমাৰ সন্মুখত শিৰ নতকাৰী বনাই দিয়া যাতে আমি তোমাৰ লগত কাকো অংশীদাৰ স্থাপন নকৰো। আৰু আমাৰ বংশধৰ সকলৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা। আৰু আমাক তোমাৰ ইবাদত কৰাৰ পদ্ধতি শিকাই দিয়া, আৰু আমাৰ গুনাহসমূহ ক্ষমা কৰা, লগতে তোমাৰ আনুগত্যত হোৱা আমাৰ ভুল-ত্ৰুটিসমূহ মাৰ্জনা কৰা। নিশ্চয় তুমি তোমাৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰা আৰু তেওঁলোকৰ ওপৰত তুমি কৃপা কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক