ছূৰা 2 · জুজ 1

Al-Baqarah · 2:116

وَقَالُوا اتَّخَذَ اللَّهُ وَلَدًا ۗ سُبْحَانَهُ ۖ بَلْ لَهُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ كُلٌّ لَهُ قَانِتُونَ

আৰু সিহঁতে কয়, আল্লাহে সন্তান গ্ৰহণ কৰিছে। তেওঁ (ইয়াৰ পৰা) অতি পৱিত্ৰ। বৰং আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱেই আল্লাহৰ। সকলো তেওঁৰ একান্ত অনুগত।

তাফছীৰ

ইয়াহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলে কয়ঃ আল্লাহৰ সন্তান আছে। অথচ আল্লাহ ইয়াৰ পৰা অতি পৱিত্ৰ। তেওঁ নিজ সৃষ্টিৰ পৰা অমুখাপেক্ষী। সন্তান তাক লাগে, যাক ইয়াৰ প্ৰয়োজন। অথচ আল্লাহ আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰে মালিক। সকলো সৃষ্টি তেওঁৰ অধীনত আৰু সকলোৱে তেওঁৰ সন্মুখতে শিৰ নত কৰে। তেওঁ যেনেকৈ ইচ্ছা সেইদৰেই পৰিচালনা কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক