ছূৰা 2 · জুজ 1
Al-Baqarah · 2:117
بَدِيعُ السَّمَاوَاتِ وَالْأَرْضِ ۖ وَإِذَا قَضَىٰ أَمْرًا فَإِنَّمَا يَقُولُ لَهُ كُنْ فَيَكُونُ
তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক; আৰু তেওঁ যেতিয়া কিবা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া তাৰ বাবে কেৱল কয়, ‘হ’, ফলত ই হৈ যায়।
তাফছীৰ
আল্লাহ তাআলাই আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু ভূতপূৰ্ব কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। তেওঁ যেতিয়া কোনো বস্তুক অস্তিত্ব প্ৰদান কৰিব বিচাৰে তেতিয়া তেওঁ কেৱল কয় “হ” ফলত সেয়া তত্ক্ষণাত হৈ যায়। তেওঁৰ আদেশ আৰু ফয়চালাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক