ছূৰা 2 · জুজ 1
Al-Baqarah · 2:115
وَلِلَّهِ الْمَشْرِقُ وَالْمَغْرِبُ ۚ فَأَيْنَمَا تُوَلُّوا فَثَمَّ وَجْهُ اللَّهِ ۚ إِنَّ اللَّهَ وَاسِعٌ عَلِيمٌ
পূৱ আৰু পশ্চিম আল্লাহৰেই; এতেকে তোমালোকে যি ফালেই মুখ নকৰা কিয়, সেইটোৱেই আল্লাহৰ দিশ। নিশ্চয় আল্লাহ সৰ্বব্যাপী, সৰ্বজ্ঞ।
তাফছীৰ
পূৱ, পশ্চিম আৰু এই দুয়োৰ মাজত থকা ৰাজত্ব কেৱল আল্লাহৰেই। তেওঁ বান্দাসকলক যি ইচ্ছা কৰে সেইটোৰে আদেশ দিয়ে। তোমালোকে যিফালেই মুখ কৰিবা সেই ফালেই আল্লাহক পাবা। এতেকে যদি তোমালোকক বাইতুল মাক্বদিছ অথবা কাবাৰ পিনে মুখ কৰিবলৈ আদেশ দিয়ে নাইবা কিবলাৰ ফালে মুখ কৰাত ত্ৰুটি হয় বা কিবলাৰ ফালে মুখ কৰা সম্ভৱ নহয় তেন্তে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো সকলো দিশ আল্লাহৰেই। নিশ্চয় আল্লাহ সৰ্বব্যাপী। তেওঁৰ কৃপা আৰু কৰুণা সকলো সৃষ্টিৰ ওপৰত প্ৰসাৰিত। লগতে তেওঁ মানুহৰ সংকল্প আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক