ছূৰা 2 · জুজ 1

Al-Baqarah · 2:114

وَمَنْ أَظْلَمُ مِمَّنْ مَنَعَ مَسَاجِدَ اللَّهِ أَنْ يُذْكَرَ فِيهَا اسْمُهُ وَسَعَىٰ فِي خَرَابِهَا ۚ أُولَٰئِكَ مَا كَانَ لَهُمْ أَنْ يَدْخُلُوهَا إِلَّا خَائِفِينَ ۚ لَهُمْ فِي الدُّنْيَا خِزْيٌ وَلَهُمْ فِي الْآخِرَةِ عَذَابٌ عَظِيمٌ

আৰু সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ মছজিদসমূহত তেওঁৰ নাম স্মৰণ কৰিবলৈ বাধা দিয়ে আৰু এইবোৰৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰে? অথচ সিহঁতৰ উচিত আছিল ভীত-সন্ত্ৰস্ত হৈ তাত প্ৰৱেশ কৰা। সিহঁতৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহাশাস্তি।

তাফছীৰ

সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আৰু কোন হব পাৰে যিয়ে আল্লাহৰ মছজিদত আল্লাহৰ নাম স্মৰণ কৰিবলৈ বাধা প্ৰদান কৰে। এতেকে সেই বাধা নামাজ, যিকিৰ-আজকাৰ আৰু কোৰআন তিলাৱতৰ পৰা নিষেধ কৰাৰ মাধ্যমত হওঁক অথবা মছজিদ বিনষ্ট কৰাৰ মাধ্যমত নাইবা তাৰ ভিতৰত ইবাদত কৰিবলৈ বাধা প্ৰদান কৰি বিধ্বস্ত কৰাৰ মাধ্যমতে হওঁক। মছজিদ বিনষ্ট কৰা এই সকল লোক মছজিদত প্ৰৱেশ কৰাৰ উপযুক্ত নহয়। যদিও মছজিদত প্ৰৱেশ কৰে তেন্তে সিহঁতৰ কুফৰ আৰু আল্লাহৰ মছজিদৰ পৰা মানুহক বাধা প্ৰদান কৰাৰ কাৰণে সিহঁতে ভয় কৰা উচিত আৰু সিহঁতৰ অন্তৰ কপি উঠা উচিত। পাৰ্থিৱ জীৱনত সিহঁতৰ বাবে মুমিনসকলৰ হাতত আছে লাঞ্ছনা আৰু আখিৰাতত আছে মহা শাস্তি। কিয়নো সিহঁতে মানুহক আল্লাহৰ মছজিদৰ পৰা বিৰত ৰাখিছিল আৰু বাধা প্ৰদান কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক

Al-Baqarah 2:114 · Tlawati