ছূৰা 2 · জুজ 1

Al-Baqarah · 2:111

وَقَالُوا لَنْ يَدْخُلَ الْجَنَّةَ إِلَّا مَنْ كَانَ هُودًا أَوْ نَصَارَىٰ ۗ تِلْكَ أَمَانِيُّهُمْ ۗ قُلْ هَاتُوا بُرْهَانَكُمْ إِنْ كُنْتُمْ صَادِقِينَ

আৰু সিহঁতে কয়, ‘ইয়াহূদী অথবা নাছাৰাৰ বাহিৰে আন কোনেও কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব’। এইটো সিহঁতৰ মিছা আশা মাথোন। কোৱা, ‘যদি তোমালোকে সত্যবাদী তেনেহ’লে প্ৰমাণ লৈ আহা’।

তাফছীৰ

ইয়াহুদী আৰু খৃষ্টানসকলৰ প্ৰত্যেকে কয় যে, জান্নাত কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট। এতেকে ইয়াহুদীসকলে কয় যে, জান্নাতত কেৱল ইয়াহুদীসকলহে যাব। আৰু খৃষ্টানসকলে কয় যে, জান্নাতত কেৱল খৃষ্টান বিলাকেহে যাব। দৰাচলতে এয়া সিহঁতৰ মিছা আকাংক্ষা আৰু অসত্য ধাৰণা মাত্ৰ। হে নবী! আপুনি ইয়াৰ খণ্ডন কৰি কওঁক যে, যদি তোমালোকৰ কথাত সত্যতা আছে তেন্তে উপযুক্ত প্ৰমাণ লৈ আহা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক