ছূৰা 2 · জুজ 1
Al-Baqarah · 2:112
بَلَىٰ مَنْ أَسْلَمَ وَجْهَهُ لِلَّهِ وَهُوَ مُحْسِنٌ فَلَهُ أَجْرُهُ عِنْدَ رَبِّهِ وَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
হয়, যিয়ে আল্লাহৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে আৰু সত্কৰ্মশীল হয় তাৰ প্ৰতিদান তাৰ প্ৰতিপালকৰ ওচৰত আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।
তাফছীৰ
প্ৰত্যেক সেই ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব, যিয়ে নিষ্ঠাৰ সৈতে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে তথা ৰাছুলে দেখুৱাই দিয়া পদ্ধতি অনুযায়ী আন্তৰিকতাৰে আল্লাহৰ ইবাদত কৰে। এনেকুৱা ব্যক্তিহে জান্নাতত প্ৰৱেশ কৰিব। সি যি সম্প্ৰদায়ৰে নহওঁক কিয়। তাৰ প্ৰতিদান আছে নিজ প্ৰতিপালকৰ ওচৰত। আখিৰাতত তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীত কোনো বস্তু নোপোৱাৰ বাবে দুখ প্ৰকাশো নকৰিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আবিৰ্ভাৱৰ পিছত এনেকুৱা বৈশিষ্ট্য কেৱল মুমিনসকলৰহে আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক