ছূৰা 2 · জুজ 1
Al-Baqarah · 2:110
وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ ۚ وَمَا تُقَدِّمُوا لِأَنْفُسِكُمْ مِنْ خَيْرٍ تَجِدُوهُ عِنْدَ اللَّهِ ۗ إِنَّ اللَّهَ بِمَا تَعْمَلُونَ بَصِيرٌ
আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা আৰু যিখিনি নেক আমল তোমালোকে নিজৰ বাবে আগলৈ প্ৰেৰণ কৰিবা সেইটো আল্লাহৰ ওচৰত পাবা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
তাফছীৰ
নামাজক ইয়াৰ আৰকান, ওৱাজিবাত আৰু ছুন্নতৰ সৈতে সম্পূৰ্ণৰূপে আদায় কৰা। আৰু নিজৰ সম্পত্তিৰ যাকাত আদায় কৰি উপযুক্ত ব্যক্তিসকলৰ মাজত বন্টন কৰি দিয়া। তোমালোকে নিজৰ জীৱন কালত যি সত্কৰ্মই কৰিবা সেয়া তোমালোকৰ মৃত্যুৰ পূৰ্বে পৰকালত সঞ্চিত হব। ইয়াৰ প্ৰতিদান ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ ওচৰত পাবা আৰু আল্লাহে তোমালোকক ইয়াৰ প্ৰতিদান দিব। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্মসমূহ প্ৰত্যক্ষ কৰি আছে। সেয়ে প্ৰত্যেককে নিজ কৰ্ম অনুসাৰে তাৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক