ছূৰা 2 · জুজ 1

Al-Baqarah · 2:100

أَوَكُلَّمَا عَاهَدُوا عَهْدًا نَبَذَهُ فَرِيقٌ مِنْهُمْ ۚ بَلْ أَكْثَرُهُمْ لَا يُؤْمِنُونَ

এয়া সঁচা নহয় জানো, যেতিয়াই সিহঁতে কোনো অংগীকাৰ কৰিছে তেতিয়াই সিহঁতৰ কোনো এটা দলে ইয়াক দলিয়াই দিছে? বৰং সিহঁতৰ অধিকাংশই বিশ্বাস নকৰে।

তাফছীৰ

ইয়াহুদীসকলৰ বেয়া আচৰণৰ এটা উদাহৰণ এই যে, সিহঁতে যেতিয়াই প্ৰতিশ্ৰুতি কৰিছে –তাওৰাতত থকা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱতৰ ভৱিষ্যদ্বাণীৰ প্ৰতি ঈমান পোষণ কৰাও ইয়াৰ অন্তৰ্ভুক্ত- তেতিয়াই সিহঁতৰ এটা দলে সেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে। দৰাচলতে ইয়াহুদীসকলৰ অধিকাংশই আল্লাহে অৱতীৰ্ণ কৰা পুথিৰ প্ৰতি ঈমান পোষণ নকৰে। কিয়নো ঈমানে প্ৰতিশ্ৰুতিৰ প্ৰতি অটল থকা প্ৰমাণ বহন কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক