ছূৰা 2 · জুজ 1

Al-Baqarah · 2:101

وَلَمَّا جَاءَهُمْ رَسُولٌ مِنْ عِنْدِ اللَّهِ مُصَدِّقٌ لِمَا مَعَهُمْ نَبَذَ فَرِيقٌ مِنَ الَّذِينَ أُوتُوا الْكِتَابَ كِتَابَ اللَّهِ وَرَاءَ ظُهُورِهِمْ كَأَنَّهُمْ لَا يَعْلَمُونَ

আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰত এজন ৰাছুল আহিলে, সিহঁতৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।

তাফছীৰ

যেতিয়া মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ তৰফৰ পৰা নবী হৈ সিহঁতৰ ওচৰত আহিল আৰু তেখেতৰ মাজত সেই সকলো বৈশিষ্ট্য বিদ্যমান আছিল যিবোৰ তাওৰাতত বৰ্ণনা কৰা হৈছিল। তথাপিও সিহঁতৰ এটা দলে তাওৰাতৰ সেই বৰ্ণনাৰ পৰা মুখ ঘূৰাই ললে আৰু পিছফালে দলিয়াই দিলে। সিহঁত মুৰ্খৰ দৰে যিসকলে তাওৰাতত থকা সত্য আৰু হিদায়তৰ দ্বাৰা উপকৃত নহয় আৰু তাৰ যত্নও নলয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক