ছূৰা 17 · জুজ 15
Al-Isra · 17:97
وَمَنْ يَهْدِ اللَّهُ فَهُوَ الْمُهْتَدِ ۖ وَمَنْ يُضْلِلْ فَلَنْ تَجِدَ لَهُمْ أَوْلِيَاءَ مِنْ دُونِهِ ۖ وَنَحْشُرُهُمْ يَوْمَ الْقِيَامَةِ عَلَىٰ وُجُوهِهِمْ عُمْيًا وَبُكْمًا وَصُمًّا ۖ مَأْوَاهُمْ جَهَنَّمُ ۖ كُلَّمَا خَبَتْ زِدْنَاهُمْ سَعِيرًا
আৰু আল্লাহে যিসকলক হিদায়ত দিয়ে সিহঁতেহে হিদায়তপ্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবৰি খোৱা অৱস্থাত অন্ধ, বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আবাসস্থল জাহান্নাম; যেতিয়া ই নিস্তেজ হ’ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।
তাফছীৰ
আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, প্ৰকৃততে তেৱেঁই হিদায়তপ্ৰাপ্ত। আনহাতে তেওঁ যাক এৰি দিয়ে তথা পথভ্ৰষ্ট কৰি দিয়ে (হে ৰাছুল) আপুনি কেতিয়াও সেইসকল লোকৰ বাবে এনেকুৱা কোনো সংৰক্ষক নাপাব, যিয়ে সিহঁতক সত্যৰ পথ দেখুৱাব তথা সিহঁতৰ কষ্ট দুৰ কৰিব পাৰিব, আৰু সিহঁতৰ উপকাৰ কৰিব। সিহঁতক কিয়ামতৰ দিনা উবৰি খাই পৰি থকা অৱস্থাত চোঁচৰাই আমি একত্ৰিত কৰিম, সিহঁতে তেতিয়া দেখিবও নোৱাৰিব, কথা কবও নোৱাৰিব আৰু শুনিবও নোৱাৰিব। সিহঁতৰ ঠিকনা হ'ব জাহান্নাম। যেতিয়াই অগ্নিশিখা শান্ত হ'বলৈ ধৰিব তেতিয়াই আমি সেইটোক উত্তেজিত কৰিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক