ছূৰা 17 · জুজ 15
Al-Isra · 17:96
قُلْ كَفَىٰ بِاللَّهِ شَهِيدًا بَيْنِي وَبَيْنَكُمْ ۚ إِنَّهُ كَانَ بِعِبَادِهِ خَبِيرًا بَصِيرًا
কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট; নিশ্চয় তেওঁ তেওঁৰ বান্দাসকলৰ বিষয়ে পূৰ্ণ অৱহিত, পূৰ্ণদ্ৰষ্টা’।
তাফছীৰ
হে ৰাছুল! আপুনি কৈ দিয়ক, মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট যে, মই তোমালোকৰ প্ৰতি প্ৰেৰিত এজন ৰাছুল। নিশ্চয় মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিছো যিটো পৌঁচাই দিয়াৰ দায়িত্ব মোক দিয়া হৈছে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ সকলো অৱস্থা পৰিবেষ্টন কৰি আছে। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। তেওঁ অন্তৰৰ প্ৰত্যেক গোপন বিষয় সম্পৰ্কে অৱগত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক