ছূৰা 17 · জুজ 15

Al-Isra · 17:98

ذَٰلِكَ جَزَاؤُهُمْ بِأَنَّهُمْ كَفَرُوا بِآيَاتِنَا وَقَالُوا أَإِذَا كُنَّا عِظَامًا وَرُفَاتًا أَإِنَّا لَمَبْعُوثُونَ خَلْقًا جَدِيدًا

এইটোৱেই সিহঁতৰ প্ৰতিদান, কাৰণ সিহঁতে আমাৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘অস্থিত পৰিণত আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আমি আকৌ নতুন সৃষ্টিৰূপে পুনৰুত্থিত হমনে’?

তাফছীৰ

এই শাস্তি যিটোৰ সিহঁতে সন্মুখীন হ'ব, ইয়াৰ কাৰণ হৈছে সিহঁতে আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু পুনৰুত্থানক অস্বীকাৰ কৰি কৈছিলঃ আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমাৰ হাড়সমূহ গেলি পচি মাটিত মিহলি হৈ যাব, তাৰ পিছতো আমাক নতুনভাৱে সৃষ্টি কৰা হ'ব নেকি?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক