ছূৰা 17 · জুজ 15

Al-Isra · 17:9

إِنَّ هَٰذَا الْقُرْآنَ يَهْدِي لِلَّتِي هِيَ أَقْوَمُ وَيُبَشِّرُ الْمُؤْمِنِينَ الَّذِينَ يَعْمَلُونَ الصَّالِحَاتِ أَنَّ لَهُمْ أَجْرًا كَبِيرًا

নিশ্চয় এই কোৰআন হিদায়ত কৰে সেই পথৰ পিনে যিটো আক্বৱাম (সৰল, সুদৃঢ়) আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহাপুৰষ্কাৰ।

তাফছীৰ

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআন নিশ্চয় উত্তম পথ অৰ্থাৎ ইছলামৰ পথ দেখুৱায়। সৎকৰ্মত নিয়োজিত আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা ব্যক্তিসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে মহাপ্ৰতিদান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক