ছূৰা 17 · জুজ 15

Al-Isra · 17:8

عَسَىٰ رَبُّكُمْ أَنْ يَرْحَمَكُمْ ۚ وَإِنْ عُدْتُمْ عُدْنَا ۘ وَجَعَلْنَا جَهَنَّمَ لِلْكَافِرِينَ حَصِيرًا

সম্ভৱত তোমালোকৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি দয়া কৰিব, কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ আচৰণৰ পুনৰাবৃত্তি কৰা তেন্তে আমিও পুনৰাবৃত্তি কৰিম। লগতে জাহান্নমক আমি কাফিৰসকলৰ বাবে কাৰাগাৰ কৰি ৰাখিছো।

তাফছীৰ

হে বনী ইছৰাঈল! যদি তোমালোকে তাওবা কৰা আৰু সৎকৰ্ম কৰা তেন্তে সম্ভৱতঃ তোমালোকৰ প্ৰতিপালকে এই কঠিন প্ৰতিশোধৰ পিছতো তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে। ইয়াৰ পিছতো যদি তোমালোকে বিপৰ্যয় সৃষ্টি কৰিব বিচৰা তেন্তে আমিও প্ৰতিশোধ গ্ৰহণ কৰিম। আৰু জাহান্নামক আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলৰ বাবে বিছনা বনাই দিম, যি ঠাইৰ পৰা সিহঁতে কেতিয়াও মুক্তি নাপাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক