ছূৰা 17 · জুজ 15
Al-Isra · 17:7
إِنْ أَحْسَنْتُمْ أَحْسَنْتُمْ لِأَنْفُسِكُمْ ۖ وَإِنْ أَسَأْتُمْ فَلَهَا ۚ فَإِذَا جَاءَ وَعْدُ الْآخِرَةِ لِيَسُوءُوا وُجُوهَكُمْ وَلِيَدْخُلُوا الْمَسْجِدَ كَمَا دَخَلُوهُ أَوَّلَ مَرَّةٍ وَلِيُتَبِّرُوا مَا عَلَوْا تَتْبِيرًا
যদি তোমালোকে সৎকৰ্ম কৰা, তেন্তে সেয়া তোমালোকৰ নিজৰে উপকাৰ হ’ব আৰু যদি বেয়া কৰ্ম কৰা তেন্তে সেয়া তোমালোকৰে অপকাৰ হ’ব। তাৰ পিছত পৰবৰ্তী নিৰ্ধাৰিত সময় উপস্থিত হোৱাত (মই মোৰ বান্দাসকলক প্ৰেৰণ কৰিলো) তোমালোকৰ মুখমণ্ডল কালিমাচ্ছন্ন কৰাৰ বাবে, প্ৰথমবাৰ সিহঁতে যেনেকৈ মছজিদত প্ৰৱেশ কৰিছিল আকৌ তেনেতৈ তাত প্ৰৱেশ কৰাৰ বাবে আৰু যি সিহঁতৰ কৰ্তৃত্বত আছিল সেয়া সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে।
তাফছীৰ
হে নবী ইছৰাঈল! যদি তোমালোকে সৎকৰ্ম যিদৰে কৰা উচিত সেইদৰে কৰিছা তেন্তে তাৰ প্ৰতিফল নিশ্চয় তোমালোকে লাভ কৰিবা। কিয়নো নিশ্চয় আল্লাহ তোমালোকৰ কৰ্মৰ পৰা অমুখাপেক্ষী। আনহাতে যদি তোমালোকে বেয়া কৰ্ম কৰিছা তেন্তে তাৰ শাস্তিও তোমালোকেই ভোগ কৰিবা। কাৰণ তোমালোকৰ সৎকৰ্মও আল্লাহৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু তোমালোকৰ অসৎকৰ্মও তেওঁৰ কোনো হানি কৰিব নোৱাৰে। আকৌ যেতিয়া তোমালোকৰ দ্বিতীয় উপদ্ৰৱ প্ৰকাশ হ'ল, তেতিয়া আমি তোমালোকৰ শত্ৰুসকলক বিজয় প্ৰদান কৰিলো, যাতে সিহঁতে তোমালোকক এনেকৈ অপমানিত আৰু লাঞ্ছিত কৰে, যাৰ চিহ্ন তোমালোকৰ মুখমণ্ডলত প্ৰকাশ পায়। লগতে যাতে বাইতুল মাকদিছত প্ৰৱেশ কৰে আৰু তাত ধ্বংসলীলা কৰে, যিদৰে প্ৰথমবাৰ কৰিছিল। লগতে যিবোৰ চহৰত সিহঁতে আধিপত্য বিস্তাৰ কৰিব সেইবোৰক যাতে বিনষ্ট কৰি দিয়ে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক