ছূৰা 17 · জুজ 15
Al-Isra · 17:6
ثُمَّ رَدَدْنَا لَكُمُ الْكَرَّةَ عَلَيْهِمْ وَأَمْدَدْنَاكُمْ بِأَمْوَالٍ وَبَنِينَ وَجَعَلْنَاكُمْ أَكْثَرَ نَفِيرًا
তাৰ পিছত আমি তোমালোকক আকৌ সিহঁতৰ ওপৰত প্ৰতিষ্ঠিত কৰিলো, তোমালোকক ধন আৰু সন্তান-সন্ততিৰ দ্বাৰা সহায় কৰিলো আৰু সংখ্যাত গৰিষ্ঠ কৰিলো।
তাফছীৰ
তাৰ পিছত যেতিয়া তোমালোকে তাওবা কৰিছিলা হে বনী ইছৰাঈল! আমি তোমালোকক পুনৰ ৰাজত্ব প্ৰদান কৰিছিলো আৰু সেইসকল লোকৰ বিৰুদ্ধে বিজয় প্ৰদান কৰিছিলো যিসকলে তোমালোকক পৰাস্ত কৰি তোমালোকৰ ওপৰত ৰাজত্ব কৰিছিল। তোমালোকৰ ধন কাঢ়ি লোৱাৰ পিছত আমিয়েই তোমালোকক ধন-সম্পদ দান কৰিছিলো, সন্তান-সন্ততি কয়েদী হোৱাৰ পিছত আমিয়েই সিহঁতক ওভোতাই দিছিলো। আৰু আমিয়েই তোমালোকক শত্ৰুৰ বিপক্ষে সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছিলো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক