ছূৰা 17 · জুজ 15

Al-Isra · 17:5

فَإِذَا جَاءَ وَعْدُ أُولَاهُمَا بَعَثْنَا عَلَيْكُمْ عِبَادًا لَنَا أُولِي بَأْسٍ شَدِيدٍ فَجَاسُوا خِلَالَ الدِّيَارِ ۚ وَكَانَ وَعْدًا مَفْعُولًا

তাৰ পিছত এই দুটাৰ প্ৰথমটোৰ নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ’ল তেতিয়া আমি তোমালোকৰ বিৰুদ্ধে যুদ্ধত অত্যন্ত শক্তিশালী আমাৰ বান্দাসকলক পঠাইছিলো, ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল। এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰ হ’বলগীয়াই আছিল।

তাফছীৰ

এতেকে সিহঁতৰ ফালৰ পৰা যেতিয়া প্ৰথম উপদ্ৰৱ প্ৰকাশ পাইছিল, তেতিয়া আমি সিহঁতৰ ওপৰত আমাৰ এনেকুৱা বান্দাক জাপি দিছিলো যিসকল আছিল অধিক শক্তিশালী আৰু অত্যন্ত জালিম। তেওঁলোকে সিহঁতক হত্যা কৰিছিল আৰু খেদি পঠিয়াইছিল। এতেকে তেওঁলোক সিহঁতৰ নগৰত প্ৰৱেশ কৰিছিল, আৰু যি পথেৰে অতিক্ৰম কৰিছিল বিনাশ কৰি গৈছিল। আল্লাহৰ এই প্ৰতিশ্ৰুতি অৱশ্যে প্ৰতিফলিত হ'বলগীয়া আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক