ছূৰা 17 · জুজ 15
Al-Isra · 17:4
وَقَضَيْنَا إِلَىٰ بَنِي إِسْرَائِيلَ فِي الْكِتَابِ لَتُفْسِدُنَّ فِي الْأَرْضِ مَرَّتَيْنِ وَلَتَعْلُنَّ عُلُوًّا كَبِيرًا
আৰু আমি কিতাবত বনী ইছৰাঈলক জনাই দিছিলো যে, ‘অৱশ্যে তোমালোকে পৃথিৱীত দুবাৰ বিপৰ্যয় সৃষ্টি কৰিবা আৰু তোমালোকে অতিশয় অহংকাৰস্ফীত হ’বা’।
তাফছীৰ
আমি বনী ইছৰাঈলক তাওৰাতত অৱগত কৰাইছিলো যে, সিহঁতে পাপকৰ্ম আৰু অহংকাৰৰ জৰিয়তে পৃথিৱীত দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিব, তথা অন্যায়-অত্যাচাৰ আৰু সীমালঙ্ঘনৰ জৰিয়তে মানুহৰ সন্মুখত নিজকে ডাঙৰ বুলি সাব্যস্ত কৰা প্ৰয়াস কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক