ছূৰা 17 · জুজ 15

Al-Isra · 17:82

وَنُنَزِّلُ مِنَ الْقُرْآنِ مَا هُوَ شِفَاءٌ وَرَحْمَةٌ لِلْمُؤْمِنِينَ ۙ وَلَا يَزِيدُ الظَّالِمِينَ إِلَّا خَسَارًا

আৰু আমি কোৰআন অৱতীৰ্ণ কৰো, যিটো মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে।

তাফছীৰ

আমি কোৰআনৰ যি অংশই অৱতীৰ্ণ কৰো সেয়া হৈছে অন্তৰত থকা অজ্ঞানতা কুফৰী আৰু সন্দেহৰ প্ৰতিষেধক। এইদৰে এইটো শাৰিৰীক ব্যাধিৰো প্ৰতিষেধক, যেতিয়া পঢ়ি জৰা ফুঁকা কৰা হয়। আমলকাৰী মুমিনসকলৰ বাবে এইটো ৰহমত। আৰু এই কোৰআনে কাফিৰসকলৰ কেৱল বিনাশেই বৃদ্ধি কৰে, কিয়নো কোৰআন শুনিলে সিহঁত ক্ৰোধান্বিত হয়, লগতে অস্বীকাৰ আৰু বিমুখতা বৃদ্ধি পায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক