ছূৰা 17 · জুজ 15
Al-Isra · 17:81
وَقُلْ جَاءَ الْحَقُّ وَزَهَقَ الْبَاطِلُ ۚ إِنَّ الْبَاطِلَ كَانَ زَهُوقًا
আৰু কোৱা, ‘সত্য আহি পাইছে আৰু বাতিল (অসত্য) বিলুপ্ত হৈছে; নিশ্চয় বাতিল বিলুপ্ত হ’বলগীয়াই আছিল’।
তাফছীৰ
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, ইছলাম আহিছে আৰু আল্লাহে কৰা সহায়ৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হৈছে। শ্বিৰ্ক আৰু কুফৰৰ সময় শেষ। অসত্য নিঃশেষ হোৱাটো নিশ্চিত, সত্যৰ সন্মুখত কেতিয়াও টিকিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক