ছূৰা 17 · জুজ 15
Al-Isra · 17:83
وَإِذَا أَنْعَمْنَا عَلَى الْإِنْسَانِ أَعْرَضَ وَنَأَىٰ بِجَانِبِهِ ۖ وَإِذَا مَسَّهُ الشَّرُّ كَانَ يَئُوسًا
আৰু আমি যেতিয়া মানুহৰ প্ৰতি অনুগ্ৰহ কৰো তেতিয়া সি মুখ ঘূৰাই লয় আৰু আঁতৰ হৈ যায়। কিন্তু যেতিয়া তাক অনিষ্টই স্পৰ্শ কৰে তেতিয়া সি একেবাৰে হতাশ হৈ পৰে।
তাফছীৰ
মানুহৰ প্ৰতি আমি যেতিয়াই কোনো উপকাৰ কৰোঁ, যেনে- সুস্থতা আৰু ধন-সম্পদ আদি প্ৰদান কৰো, তেতিয়া সি আল্লাহৰ কৃতজ্ঞতা আৰু আনুগত্যৰ পৰা বিমুখ হৈ যায় আৰু অহংকাৰ কৰি আঁতৰি যায়। যেতিয়া সি বেমাৰ আজাৰ আৰু দৰিদ্ৰতাৰ সন্মুখীন হয় তেতিয়া সি আল্লাহৰ দয়াৰ পৰা নিৰাশ হৈ যায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক