ছূৰা 17 · জুজ 15

Al-Isra · 17:75

إِذًا لَأَذَقْنَاكَ ضِعْفَ الْحَيَاةِ وَضِعْفَ الْمَمَاتِ ثُمَّ لَا تَجِدُ لَكَ عَلَيْنَا نَصِيرًا

এনে কৰিলে অৱশ্যে আমি তোমাক এই জীৱনত দ্বিগুণ আৰু পৰকালতো দ্বিগুণ শাস্তিৰ সোৱাদ দিলোহেঁতেন; তেতিয়া তুমি আমাৰ বিৰুদ্ধে তোমাৰ বাবে কোনো সহায়কাৰী নাপালেহেঁতেন।

তাফছীৰ

যদি আপুনি সিহঁতৰ পৰামৰ্শ অনুসৰি ধাৱিত হ'লহেঁতেন, তেন্তে আমি আপোনাক পৃথিৱী আৰু আখিৰাতত দ্বিগুণ শাস্তি বিহিলোহেঁতেন। তেতিয়া আপুনি আমাৰ বিৰুদ্ধে কোনো সহায়ক বিচাৰি নাপালেহেঁতেন, যিয়ে আপোনাৰ পৰা শাস্তি দূৰ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক