ছূৰা 17 · জুজ 15
Al-Isra · 17:76
وَإِنْ كَادُوا لَيَسْتَفِزُّونَكَ مِنَ الْأَرْضِ لِيُخْرِجُوكَ مِنْهَا ۖ وَإِذًا لَا يَلْبَثُونَ خِلَافَكَ إِلَّا قَلِيلًا
আৰু সিহঁতে তোমাক দেশৰ পৰা উৎখাত কৰিবলৈ চূড়ান্ত চেষ্টা কৰিছিল, যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে, তেতিয়া সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন।
তাফছীৰ
অৱশ্যে কাফিৰসকলে আপোনাক সিহঁতৰ শত্ৰুতাৰে দ্বাৰা বিৰক্ত কৰিবলৈ ধৰিছিল। যাতে আপোনাক মক্কাৰ পৰা বহিষ্কাৰ কৰিব পাৰে। কিন্তু আপোনাক বহিষ্কাৰ কৰাৰ পৰা আল্লাহে সিহঁতক প্ৰতিৰোধ কৰিছিল। অৱশেষত আপুনি নিজ প্ৰতিপালকৰ আদেশত হিজৰত কৰিলে। যদি সিহঁতে আপোনাক বহিষ্কাৰ কৰিলেহেঁতেন, তেন্তে সিহঁতে তাত বেছি দিন টিকিব নোৱাৰিলেহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক