ছূৰা 17 · জুজ 15
Al-Isra · 17:74
وَلَوْلَا أَنْ ثَبَّتْنَاكَ لَقَدْ كِدْتَ تَرْكَنُ إِلَيْهِمْ شَيْئًا قَلِيلًا
আৰু আমি তোমাক অবিচলিত নাৰাখিলে তুমি অৱশ্যে সিহঁতৰ ফালে প্ৰায় কিঞ্চিত ঢাল খালাইহেঁতেন;
তাফছীৰ
যদি আমি আপোনাক সত্যৰ ওপৰত মজবুতভাৱে প্ৰতিষ্ঠিত নকৰিলোঁহেতেন, তেন্তে সম্ভৱতঃ আপুনি সিহঁতৰ ফালে কিছু পৰিমাণে হ'লেও ধাৱিত হ'লহেঁতেন, আৰু সিহঁতৰ পৰামৰ্শ মানি ললেহেঁতেন। কাৰণ এফালে আছিল সিহঁতৰ ঘোৰ ষড়যন্ত্ৰ আৰু প্ৰৱঞ্চনা আৰু আনফালে আছিল সিহঁতক ঈমানৰ অৱস্থাত দেখিবলৈ আপোনাৰ প্ৰৱল হেপাঁহ। কিন্তু আমি আপোনাক সিহঁতৰ ফালে ধাৱিত হোৱাৰ পৰা ৰক্ষা কৰিছিলো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক