ছূৰা 17 · জুজ 15

Al-Isra · 17:73

وَإِنْ كَادُوا لَيَفْتِنُونَكَ عَنِ الَّذِي أَوْحَيْنَا إِلَيْكَ لِتَفْتَرِيَ عَلَيْنَا غَيْرَهُ ۖ وَإِذًا لَاتَّخَذُوكَ خَلِيلًا

আৰু আমি তোমাৰ প্ৰতি যি অহী কৰিছো তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা প্ৰায় চুড়ান্ত কৰিছিল, যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা; আৰু তেতিয়া নিসন্দেহে সিহঁতে তোমাক বন্ধৰূপে গ্ৰহণ কৰিলেহেঁতেন।

তাফছীৰ

হে ৰাছুল! মুশ্বৰিকসকলে আপোনাক কোৰআনৰ পৰা আঁতৰাব বিচাৰিছিল, যিখন মই আপোনাৰ প্ৰতি অহী কৰিছো। যাতে আপুনি সিহঁতৰ মনেসজা কথাবোৰ আমাৰ সৈতে সম্পৃক্ত কৰে। যদি আপুনি সিহঁতৰ আকংক্ষা অনুযায়ী কাম কৰিলেহেঁতেন তেন্তে সিহঁতে আপোনাক মিত্ৰ বনাই ল'লেহেঁতেন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক