ছূৰা 17 · জুজ 15

Al-Isra · 17:66

رَبُّكُمُ الَّذِي يُزْجِي لَكُمُ الْفُلْكَ فِي الْبَحْرِ لِتَبْتَغُوا مِنْ فَضْلِهِ ۚ إِنَّهُ كَانَ بِكُمْ رَحِيمًا

তোমালোকৰ ৰব তেৱেঁই, যিজনে তোমালোকৰ বাবে সাগৰত নৌযান পৰিচালিত কৰায়, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা। নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি পৰম দয়ালু।

তাফছীৰ

হে মানৱজাতি! তেৱেঁই হৈছে তোমালোকৰ প্ৰতিপালক, যিয়ে সাগৰত প্ৰকাণ্ড জাহাজ চলাচল কৰাৰ সুবিধা প্ৰদান কৰিছে, যাতে তোমালোকে ব্যৱসায় বানিজ্যৰ জৰিয়তে তেওঁৰ জীৱিকা অনুসন্ধান কৰিব পাৰা। নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি অতি দয়ালু, সেইকাৰণেই তেওঁ তোমালোকক এইবোৰ সুবিধা প্ৰদান কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক