ছূৰা 17 · জুজ 15
Al-Isra · 17:67
وَإِذَا مَسَّكُمُ الضُّرُّ فِي الْبَحْرِ ضَلَّ مَنْ تَدْعُونَ إِلَّا إِيَّاهُ ۖ فَلَمَّا نَجَّاكُمْ إِلَى الْبَرِّ أَعْرَضْتُمْ ۚ وَكَانَ الْإِنْسَانُ كَفُورًا
আৰু যেতিয়া তোমালোকক সাগৰত বিপদ স্পৰ্শ কৰে, তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা, সেইবোৰ (তোমালোকৰ মনৰ পৰা) হেৰাই যায়; এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা। প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ।
তাফছীৰ
হে মুশ্বৰিকসকল! তোমালোকে যেতিয়া সাগৰৰ মাজত বিপদত পৰা তেতিয়া তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰিছিলা সেই সকলোবোৰক পাহৰি কেৱল আল্লাহৰ কথাই মনত পৰে, আৰু তোমালোকে তেওঁৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰা। কিন্তু আল্লাহে যেতিয়া তোমালোকক বিপদৰ পৰা ৰক্ষা কৰে আৰু তোমালোক আহি স্থলত উপস্থিত হোৱা, তেতিয়া তোমালোক আল্লাহৰ তাওহীদ আৰু কেৱল তেওঁৰ ওচৰতেই দুআ কৰাৰ কথা অৱজ্ঞা কৰি মূৰ্তিবোৰৰ পিনে উভতি যোৱা। দৰাচলতে মানুহ হৈছে আল্লাহৰ নিয়ামতৰ অধিক অস্বীকাৰকাৰী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক