ছূৰা 17 · জুজ 15

Al-Isra · 17:57

أُولَٰئِكَ الَّذِينَ يَدْعُونَ يَبْتَغُونَ إِلَىٰ رَبِّهِمُ الْوَسِيلَةَ أَيُّهُمْ أَقْرَبُ وَيَرْجُونَ رَحْمَتَهُ وَيَخَافُونَ عَذَابَهُ ۚ إِنَّ عَذَابَ رَبِّكَ كَانَ مَحْذُورًا

সিহঁতে যিবোৰক আহ্বান কৰে সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটবৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।

তাফছীৰ

ইহঁতে যিসকল ফিৰিস্তা আৰু অন্যান্য লোকক উপাস্য বুলি ভাৱে, স্বয়ং তেওঁলোকেই সৎকৰ্মৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভৰ প্ৰয়াস কৰে, তথা আনুগত্যৰ দ্বাৰা নৈকট্য প্ৰাপ্তিৰ ক্ষেত্ৰত ইজনে সিজনৰ লগত প্ৰতিযোগিতা কৰে। তেওঁলোকে আল্লাহৰ দয়া কামনা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকৰ শাস্তি এটা ভয় কৰিবলগীয়া বিষয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক