ছূৰা 17 · জুজ 15
Al-Isra · 17:58
وَإِنْ مِنْ قَرْيَةٍ إِلَّا نَحْنُ مُهْلِكُوهَا قَبْلَ يَوْمِ الْقِيَامَةِ أَوْ مُعَذِّبُوهَا عَذَابًا شَدِيدًا ۚ كَانَ ذَٰلِكَ فِي الْكِتَابِ مَسْطُورًا
আৰু এনে কোনো জনবসতি নাই যাক আমি কিয়ামতৰ পূৰ্বে ধ্বংস নকৰিম অথবা যাক আমি কঠোৰ শাস্তি নিবিহিম; এয়াতো কিতাবত লিপিবদ্ধ আছে।
তাফছীৰ
আমি প্ৰত্যেক কুফৰী কৰা গাওঁ অথবা চহৰৰ অধিবাসীসকলক পাৰ্থিৱ জীৱনতে সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিছোঁ অথবা ধ্বংস কৰি পেলাইছোঁ, নাইবা কঠিন শাস্তিত পতিত কৰিছোঁ, যেনে হত্যা আৰু অন্যান্য শাস্তি। এই শাস্তি আৰু ধ্বংস আল্লাহৰ পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত, যিটো লওহে মাহফুজত লিপিবদ্ধ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক