ছূৰা 17 · জুজ 15
Al-Isra · 17:56
قُلِ ادْعُوا الَّذِينَ زَعَمْتُمْ مِنْ دُونِهِ فَلَا يَمْلِكُونَ كَشْفَ الضُّرِّ عَنْكُمْ وَلَا تَحْوِيلًا
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা, তোমালোকৰ দুখ-দৈন্য দূৰ কৰাৰ বা পৰিবৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই’।
তাফছীৰ
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, হে মুশ্বৰিকসকল! তোমালোকে সিহঁতক আহ্বান কৰা যিবোৰক তোমালোকে উপাস্য বুলি ধাৰণা কৰা। যদি তোমালোকৰ প্ৰতি কোনো বিপদ-আপদ আহে, সেইটোক তোমালোকৰ পৰা দূৰ কৰাৰ সিহঁতৰ ক্ষমতা নাই। আনকি সেইটোক স্থানান্তৰো কৰিব নোৱাৰে, এতেকে যিজন বিৱশ, সি কেতিয়াও উপাস্য হ'ব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক