ছূৰা 17 · জুজ 15
Al-Isra · 17:55
وَرَبُّكَ أَعْلَمُ بِمَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ ۗ وَلَقَدْ فَضَّلْنَا بَعْضَ النَّبِيِّينَ عَلَىٰ بَعْضٍ ۖ وَآتَيْنَا دَاوُودَ زَبُورًا
আৰু যিসকল আকাশমণ্ডল আৰু পৃথিৱীত আছে সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত। অৱশ্যে আমি নবীসকলৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছো আৰু দাউদক প্ৰদান কৰিছিলো যাবূৰ।
তাফছীৰ
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক প্ৰত্যেক সেই বস্তু সম্পৰ্কে পৰিপূৰ্ণ অৱগত যিবোৰ আকাশমণ্ডল আৰু পৃথিৱীত আছে, তথা তেওঁ সেইবোৰৰ পৰিস্থিতি সম্পৰ্কেও অৱগত, লগতে এই কথাও জানে যে সেইবোৰ কিহৰ যোগ্য। নিশ্চয় আমি কিছুমান নবীক আন কিছুমান নবীৰ ওপৰত প্ৰাধান্য দিছো অধিক অনুসাৰী প্ৰদান কৰি আৰু গ্ৰন্থ প্ৰদান কৰি। আৰু দাঊদক প্ৰদান কৰিছিলো এখন গ্ৰন্থ, যাৰ নাম হৈছে ঝাবুৰ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক