ছূৰা 17 · জুজ 15

Al-Isra · 17:52

يَوْمَ يَدْعُوكُمْ فَتَسْتَجِيبُونَ بِحَمْدِهِ وَتَظُنُّونَ إِنْ لَبِثْتُمْ إِلَّا قَلِيلًا

যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব, আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা আৰু তোমালোকে ধাৰণা কৰিবা যে, তোমালোকে (তাত) অতি কম সময় অৱস্থান কৰিছিলা।

তাফছীৰ

আল্লাহে তোমালোকক সেইদিনা পুনৰ জীৱিত কৰিব যিদিনা তেওঁ তোমালোকক হাশ্বৰৰ ময়দানলৈ আহ্বান কৰিব। সেইদিনা তোমালোকে তেওঁৰ আদেশ পালন কৰি, তেওঁৰ প্ৰশংসাৰ সৈতে এই কথা স্বীকাৰ কৰিবা, আৰু সেইদিনা তোমালোকে পতিয়ন যাবা যে, পৃথিৱীত তোমালোকে কেৱল কেইটামান দিনহে অতিবাহিত কৰিছিলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক