ছূৰা 17 · জুজ 15
Al-Isra · 17:51
أَوْ خَلْقًا مِمَّا يَكْبُرُ فِي صُدُورِكُمْ ۚ فَسَيَقُولُونَ مَنْ يُعِيدُنَا ۖ قُلِ الَّذِي فَطَرَكُمْ أَوَّلَ مَرَّةٍ ۚ فَسَيُنْغِضُونَ إِلَيْكَ رُءُوسَهُمْ وَيَقُولُونَ مَتَىٰ هُوَ ۖ قُلْ عَسَىٰ أَنْ يَكُونَ قَرِيبًا
‘অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ অন্তৰত বৰ ডাঙৰ বুলি ভবা’; (তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ’ব) ইয়াৰ পিছতো সিহঁতে ক’ব, ‘কোনে আমাক পুনৰুত্থিত কৰিব’? কোৱা, ‘তেৱেঁই কৰিব, যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল’। তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব, ‘সেইটোনো কেতিয়া হ’ব? কোৱা, ‘সম্ভৱত সেয়া অতি শীঘ্ৰেই হ’ব’।
তাফছীৰ
এই দুটাতকৈও যদি ডাঙৰ কিবা হ'ব বিচৰা তেন্তে হোৱা, তথাপিও আল্লাহে তোমালোকক পুনৰ উত্থিত কৰিব, যিদৰে প্ৰথমবাৰ সৃষ্টি কৰিছিল। এই স্বৈৰাচাৰী লোকসকলে ক'বঃ আমাৰ মৃত্যুৰ পিছত আকৌ আমাক কোনে জীৱিত কৰিব? আপুনি সিহঁতক কৈ দিয়কঃ তেৱেঁই তোমালোকক পুনৰ জীৱিত কৰিব যিয়ে তোমালোকক প্ৰথমবাৰ পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছিল। তেতিয়া সিহঁতে মূৰ দোৱাই আপোনাৰ উপহাস কৰি উত্তৰ দিবঃ এই পুনৰুত্থান কেতিয়া সংঘটিত হ'ব? আপুনি কৈ দিয়ক, সম্ভৱতঃ অতি সন্নিকট, কিয়নো আহিবলগীয়া সকলো বিষয় অতি সন্নিকট।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক