ছূৰা 17 · জুজ 15
Al-Isra · 17:53
وَقُلْ لِعِبَادِي يَقُولُوا الَّتِي هِيَ أَحْسَنُ ۚ إِنَّ الشَّيْطَانَ يَنْزَغُ بَيْنَهُمْ ۚ إِنَّ الشَّيْطَانَ كَانَ لِلْإِنْسَانِ عَدُوًّا مُبِينًا
আৰু মোৰ বান্দাসকলক কোৱা, তেওঁলোকে যেন এনেকুৱা কথা কয় যিটো উত্তম। নিশ্চয় চয়তানে তেওঁলোকৰ মাজত বিৰোধ সৃষ্টি কৰে। নিশ্চয় চয়তান মানুহৰ প্ৰকাশ্য শত্ৰু।
তাফছীৰ
হে ৰাছুল! মোৰ মুমিন বান্দাসকলক আপুনি কৈ দিয়ক যে, তেওঁলোকে সম্বোধন কৰাৰ সময়ত যাতে উত্তম কথা কয়, ঘৃণনীয় বেয়া কথা যাতে পৰিহাৰ কৰে। কিয়নো চয়তানে এনেকুৱা কথাৰ জৰিয়তেই পাকে প্ৰকাৰে তেওঁৰ পৃথিৱী আৰু আখিৰাত বিনষ্ট কৰাৰ প্ৰয়াস কৰে। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু। গতিকে ইয়াৰ পৰা সতৰ্ক থকা অনিবাৰ্য।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক