ছূৰা 17 · জুজ 15
Al-Isra · 17:49
وَقَالُوا أَإِذَا كُنَّا عِظَامًا وَرُفَاتًا أَإِنَّا لَمَبْعُوثُونَ خَلْقًا جَدِيدًا
আৰু সিহঁতে কয়, ‘আমি যেতিয়া অস্থিত পৰিণত হম আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ’ব নেকি’?
তাফছীৰ
মুশ্বৰিকসকলে পুনৰুত্থানক অস্বীকাৰ কৰি কয়ঃ আমি মৃত্যুবৰণ কৰাৰ পাচত যেতিয়া গলি পচি হাড়ত পৰিণত হম আৰু আমাৰ শৰীৰ মাটিত মিহলি যাব, তাৰ পিছতো আমাক নতুনকৈ উঠোৱা হ’ব নেকি? নিশ্চয় এয়া অসম্ভৱ কথা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক