ছূৰা 17 · জুজ 15
Al-Isra · 17:48
انْظُرْ كَيْفَ ضَرَبُوا لَكَ الْأَمْثَالَ فَضَلُّوا فَلَا يَسْتَطِيعُونَ سَبِيلًا
চোৱা, সিহঁতে তোমাৰ বিষয়ে কেনেবোৰ উপমা দিয়ে! ফলত সিহঁত পথভ্ৰষ্ট হৈছে, এতেকে সিহঁত সৎপথ পাবলৈ সক্ষম নহয়।
তাফছীৰ
হে ৰাছুল! আপুনি ভাৱিলে আচৰিত হব, এই লোকসকলে আপোনাক কিমান যে বেয়া বেয়া বিশেষণেৰে বিশেষিত কৰিছে। এতেকে সিহঁতে সত্যৰ পৰা আঁতৰি গুমৰাহিত পতিত হৈছে, এতেকে কেতিয়াও সিহঁতে সত্যৰ পথ বিচাৰি নাপাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক