ছূৰা 17 · জুজ 15

Al-Isra · 17:47

نَحْنُ أَعْلَمُ بِمَا يَسْتَمِعُونَ بِهِ إِذْ يَسْتَمِعُونَ إِلَيْكَ وَإِذْ هُمْ نَجْوَىٰ إِذْ يَقُولُ الظَّالِمُونَ إِنْ تَتَّبِعُونَ إِلَّا رَجُلًا مَسْحُورًا

যেতিয়া সিহঁতে তোমাৰ প্ৰতি কাণপাতি শুনে, তেতিয়া আমি জানো সিহঁতে কিয় কাণপাতি শুনে আৰু এইটোও জানো যেতিয়া গোপনে আলোচনা কৰাৰ সময়ত যালিমসকলে কয়, ‘অৱশ্যে তোমালোকে এজন যাদুগ্ৰস্ত ব্যক্তিৰ অনুসৰণ কৰি আছা’।

তাফছীৰ

সিহঁতৰ মাজৰ নেতৃবৃন্দৰ কোৰআন শুনাৰ ধৰণ সম্পৰ্কে আমি ভালদৰে অৱগত। কোৰআনৰ দ্বাৰা হিদায়ত গ্ৰহণ কৰা সিহঁতৰ উদ্দেশ্য নহয়, বৰং সিহঁতৰ উদ্দেশ্য হৈছে কোৰআন তিলাৱতৰ সময়ত আপোনাৰ উপহাস কৰা আৰু হুলস্থূল কৰা। সিহঁতৰ অস্বীকাৰ আৰু কোৰআনৰ পৰা মানুহক বাধা দিবলৈ সিহঁতে যি যি কৰে সেই সম্পৰ্কে আমি সম্যক অৱগত। এই বিষয়েও আমি জানো যে, কুফৰীৰ জৰিয়তে নিজৰ প্ৰতি অন্যায়কাৰী এই ব্যক্তিসকলে যেতিয়া কয়ঃ তোমালোকে কেৱল এজন যাদুকৰ ব্যক্তিৰহে অনুসৰণ কৰা, যাৰ মগজু বিকৃত হৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক