ছূৰা 17 · জুজ 15

Al-Isra · 17:46

وَجَعَلْنَا عَلَىٰ قُلُوبِهِمْ أَكِنَّةً أَنْ يَفْقَهُوهُ وَفِي آذَانِهِمْ وَقْرًا ۚ وَإِذَا ذَكَرْتَ رَبَّكَ فِي الْقُرْآنِ وَحْدَهُ وَلَّوْا عَلَىٰ أَدْبَارِهِمْ نُفُورًا

আৰু আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ ৰাখি দিছো যাতে সিহঁতে সেয়া বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত দিছো বধিৰতা; সেয়ে যেতিয়া তুমি কোৰআনৰ পৰা উল্লেখ কৰা যে, ‘তোমাৰ ৰব কেৱল এজন’, তেতিয়া সিহঁতে পিঠ দেখুৱাই আঁতৰি যায়।

তাফছীৰ

আমি সিহঁতৰ অন্তৰত পৰ্দা আঁৰি দিওঁ, যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে। সিহঁতৰ শ্ৰৱণশক্তি গধূৰ কৰি দিওঁ যাতে সিহঁতে উপকৃত হোৱাৰ বাবে শুনিব নোৱাৰে। কোৰআনত আপুনি যেতিয়া অকল আল্লাহৰেই কথা কয় আৰু সিহঁতৰ তথাকথিত উপাস্যবোৰৰ কথা উল্লেখ নকৰে তেতিয়া সিহঁতে পিছমোৱা হৈ উভতি যায়। তথা আল্লাহৰ নিৰ্ভেজাল তাওহীদৰ পৰা আঁতৰি যায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক