ছূৰা 17 · জুজ 15
Al-Isra · 17:42
قُلْ لَوْ كَانَ مَعَهُ آلِهَةٌ كَمَا يَقُولُونَ إِذًا لَابْتَغَوْا إِلَىٰ ذِي الْعَرْشِ سَبِيلًا
কোৱা, ‘যদি তেওঁৰ লগত আৰু ইলাহ থাকিলেহেঁতেন যিদৰে সিহঁতে দাবী কৰি কয়, তেন্তে সিহঁতে আৰছ-অধিপতিৰ (নৈকট্য লাভৰ) উপায় অন্বেষণ কৰি ফুৰিলেহেঁতেন’।
তাফছীৰ
হে ৰাছুল! এই মুশ্বৰিকসকলক জনাই দিয়ক, আল্লাহৰ বাহিৰে যদি আন কোনো উপাস্যক থাকিলহেঁতেন, যিদৰে সিহঁতে মিছা আৰোপ কৰে, তেন্তে সেই তথাকথিত উপাস্যবোৰে মিলি মহা আৰশ্বৰ মালিক আল্লাহক বিচাৰিবলৈ পথ সন্ধান কৰিলেহেঁতেন, যাতে তেওঁক পৰাজিত কৰি ৰাজত্ব প্ৰতিষ্ঠা কৰিব পৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক