ছূৰা 17 · জুজ 15
Al-Isra · 17:41
وَلَقَدْ صَرَّفْنَا فِي هَٰذَا الْقُرْآنِ لِيَذَّكَّرُوا وَمَا يَزِيدُهُمْ إِلَّا نُفُورًا
আৰু অৱশ্যে আমি এই কোৰআনত (বহু বিষয়) বাৰে বাৰে বিবৃত কৰিছো যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। কিন্তু সিহঁতৰ বিমুখতাইহে বৃদ্ধি পাইছে।
তাফছীৰ
নিশ্চয় আমি এই কোৰআনত আহকাম, উপদেশ আৰু বিভিন্ন উপমা-উদাহৰণ স্পষ্টৰূপে বৰ্ণনা কৰি দিছো। যাতে মানুহে ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰিব পাৰে আৰু সেই পথত পৰিচালিত হ'ব পাৰে, যি পথ সিহঁতৰ বাবে উপকাৰী। লগতে সেইবোৰ যাতে পৰিত্যাগ কৰে যিবোৰ সিহঁতৰ বাবে ক্ষতিকাৰক। প্ৰকৃততে যিসকলৰ স্বভাৱত বক্ৰতা আছে সিহঁতে ইয়াৰ পৰা আৰু সত্যৰ পৰা আঁতৰি যায়, লগতে ঘৃণা কৰিবলৈ ধৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক