ছূৰা 17 · জুজ 15

Al-Isra · 17:40

أَفَأَصْفَاكُمْ رَبُّكُمْ بِالْبَنِينَ وَاتَّخَذَ مِنَ الْمَلَائِكَةِ إِنَاثًا ۚ إِنَّكُمْ لَتَقُولُونَ قَوْلًا عَظِيمًا

(কি আচৰিত) তোমালোকৰ প্ৰতিপালকে তোমালোকক পুত্ৰ সন্তানৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁ নিজে ফিৰিস্তাসকলক কন্যাৰূপে গ্ৰহণ কৰিছে? নিশ্চয় তোমালোকে সাংঘাতিক কথা কৈ থাকা।

তাফছীৰ

হে সেইসকল ব্যক্তি! যিসকলে দাবী কৰে যে, ফিৰিস্তাসকল হৈছে আল্লাহৰ জীয়ৰি। কোৱাচোন তোমালোকে, আল্লাহে পুত্ৰ সন্তান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট কৰিছে নেকি? আৰু ফিৰিস্তাসকলক নিজৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰিছে নেকি? নিশ্চয় আল্লাহ তাআলা তোমালোকৰ এনেকুৱা উদ্ভট মন্তব্যৰ পৰা পৱিত্ৰ। তোমালোকে তেওঁৰ সৈতে সন্তানৰ বিষয়টো সম্পৃক্ত কৰি অত্যন্ত বেয়া কাম কৰিছা, তেওঁৰ কন্যা সন্তান থকা বুলি তোমালোকৰ ধাৰণাটো হৈছে গভীৰ কুফৰী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক