ছূৰা 17 · জুজ 15

Al-Isra · 17:39

ذَٰلِكَ مِمَّا أَوْحَىٰ إِلَيْكَ رَبُّكَ مِنَ الْحِكْمَةِ ۗ وَلَا تَجْعَلْ مَعَ اللَّهِ إِلَٰهًا آخَرَ فَتُلْقَىٰ فِي جَهَنَّمَ مَلُومًا مَدْحُورًا

তোমাৰ প্ৰতিপালকে অহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত; আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ’বা।

তাফছীৰ

যিবোৰ আদেশ-নিষেধ আৰু বিধি-বিধান আমি বৰ্ণনা কৰিলোঁ, এইবোৰ হৈছে সেইসমূহ হিকমত যিবোৰ আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি অহী কৰিছে। হে মানৱ! তোমালোকে আল্লাহৰ লগত আন কোনো উপাস্যক অংশীদাৰ নকৰিবা। অন্যথা কিয়ামতৰ দিনা তোমাক প্ৰত্যেক কল্যাণৰ পৰা বঞ্চিত কৰি জাহান্নামত নিক্ষেপ কৰা হ'ব। তেতিয়া তুমিও নিজকে ভৰ্ৎসনা কৰিবা আৰু মানুহেও তোমাক ভৰ্ৎসনা কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক