ছূৰা 17 · জুজ 15

Al-Isra · 17:34

وَلَا تَقْرَبُوا مَالَ الْيَتِيمِ إِلَّا بِالَّتِي هِيَ أَحْسَنُ حَتَّىٰ يَبْلُغَ أَشُدَّهُ ۚ وَأَوْفُوا بِالْعَهْدِ ۖ إِنَّ الْعَهْدَ كَانَ مَسْئُولًا

আৰু ইয়াতীম প্ৰাপ্ত বয়স্ক নোহোৱা লৈকে সৎ উদ্দেশ্য ব্যতীত তাৰ সম্পত্তিৰ ওচৰলৈকে নাযাবা আৰু তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা; নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে কৈফিয়ত তলব কৰা হ’ব।

তাফছীৰ

এতীম বা মাউৰা ল’ৰা ছোৱালী প্ৰাপ্তবয়স্কত উপনীত নোহোৱালৈকে সিহঁতৰ ধন-সম্পদ সুৰক্ষিত ৰখাৰ উদ্দেশ্যে আৰু বৃদ্ধি কৰাৰ বাহিৰে বেলেগ কামত ব্যৱহাৰ নকৰিবা। আল্লাহ আৰু তোমালোকৰ মাজৰ অঙ্গীকাৰ তথা তোমালোকৰ আৰু বান্দাসকলৰ মাজৰ প্ৰতিশ্ৰুতি পৰিপূৰ্ণৰূপে পূৰণ কৰিবা। নিশ্চয় আল্লাহে কিয়ামতৰ দিনা প্ৰতিশ্ৰুতি দিয়া ব্যক্তিক প্ৰশ্ন কৰিব যে, সি প্ৰতিশ্ৰুতি পালন কৰিছেনে নাই। যদি প্ৰতিশ্ৰুতি পালন কৰি থাকে তেন্তে ছোৱাব পাব আৰু যদি পালন কৰা নাই তেন্তে শাস্তিৰ সন্মুখীন হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক