ছূৰা 17 · জুজ 15
Al-Isra · 17:33
وَلَا تَقْتُلُوا النَّفْسَ الَّتِي حَرَّمَ اللَّهُ إِلَّا بِالْحَقِّ ۗ وَمَنْ قُتِلَ مَظْلُومًا فَقَدْ جَعَلْنَا لِوَلِيِّهِ سُلْطَانًا فَلَا يُسْرِفْ فِي الْقَتْلِ ۖ إِنَّهُ كَانَ مَنْصُورًا
আৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা! আৰু কোনোবাই অন্যায়ভাৱে নিহিত হ’লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছো; কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালঙ্ঘন নকৰে; নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ’ব।
তাফছীৰ
তোমালোকে সেই প্ৰাণীকো হত্যা নকৰিবা যাক আল্লাহে ঈমান অথবা নিৰাপত্তজনিত কাৰণত সুৰক্ষা প্ৰদান কৰিছে। আনহাতে মুৰতাদ, অথবা বিবাহিত ব্যভিচাৰ-ব্যভিচাৰিণী নাইবা কিচাচৰ ফলত হত্যাৰ বিষয়টো সুকীয়া। কিন্তু অন্যায়ভাৱে হত্যাকৃত ব্যক্তিৰ উত্তৰাধিকাৰীক আমি প্ৰতিশোধ গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছো। তেওঁলোকে হত্যাকাৰীৰ মৃত্যদণ্ড দাবী কৰিব পাৰে, নাইবা ৰক্তপণ নোলোৱাকৈ ক্ষমা কৰি দিব পাৰে অথবা ৰক্তপণ গ্ৰহণ কৰিও ক্ষমা কৰিব পাৰে। কিন্তু প্ৰতিশোধৰ বাবে আল্লাহে যি নিয়ম বান্ধি দিছে সেই ক্ষেত্ৰত কোনেও যাতে সীমালঙ্ঘন নকৰে। উদাহৰণস্বৰূপে, হত্যাকাৰীৰ অংগ প্ৰত্যংগ কাটি পেলোৱা, অথবা হত্যাকাৰীয়ে যি অস্ত্ৰৰে হত্যা কৰিছে সেইটোৰ বাহিৰে বেলেগ অস্ত্ৰৰে হত্যা কৰা, নাইবা হত্যাকাৰীৰ বাহিৰে বেলেগক হত্যা কৰা ইত্যাদি। নিশ্চয় তেওঁ আল্লাহৰ সহায়-সহযোগিতা পোৱাৰ যোগ্য।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক